Mon Pokhila Lyrics >> Kussum Kailash, Nilakshi Neog & Jogat Maahish | Assamese Song

Mon Pokhila  is Sung by Kussum Kailash, Nilakshi Neog & Jogat Maahish. Lyrics is written by Kussum Kailash, Sarat Sravan, Khogen Deori, Mrinal Chutia and music is composed by Jintu Bordoloi.This video song is officially uploaded in Kussum Kailash World youtube channel . Mon Pokhila song lyrics. Mon Pokhila Kussum Kailash, Nilakshi Neog & Jogat Maahish. Mon Pokhila Lyrics in english. Mon Pokhila Kussum Kailash World. Mon Pokhila Lyrics Assamese Song. 


Mon Pokhila Lyrics >> Kussum Kailash, Nilakshi Neog & Jogat Maahish | Assamese Song
Mon Pokhila Lyrics >> Kussum Kailash, Nilakshi Neog & Jogat Maahish | Assamese Song

Mon Pokhila Song Credits :

Lyrics
Kussum Kailash, Sarat Sravan, Khogen Deori, Mrinal Chutia
Singer
Kussum Kailash, Nilakshi Neog & Jogat Maahish
Music
Jintu Bordoloi


Mon Pokhila Lyrics 


অ' মন উৰা বতৰ এয়া ঐ

উতনুৱা ফাগুন এয়া ঐ

অ' যৌৱনৰ প্ৰেম ফুলনিৰে ঐ

অ' তইয়ে মন পখিলা জনী ঐ।


গুমগুমনি ঢোলৰ মাত

বসন্তৰে জাননী

ফুলে ফুলে বলিয়া 

ৰচকী ঐ পখিলী। 

মই বলিয়া তোৰ জাননে

লাজুকী হাঁহিটিত

মৰমে নচুৱাম জানিবি

ঢোলৰে বুলনিত

কেতিয়াকৈ সাজি-কাচি আহিবি

কেতিয়াকৈ মুগা ৰিহা পিন্ধিবি

কেতিয়াকৈ মৰম লগাই নাচিবি লগত


গুণ-গুণনি ভোমৰা

ফুলে ফুলে ধেমালি

বন কেতেকি বলিয়া

বহাগীৰ পাই বাতৰি । 

মই বলিয়া তোৰ মৰমৰ

পাবলে সঁহাৰি

কবলৈ নাপাওঁ তোক কাষৰত

থাকগৈ দূৰণিত

কেতিয়াকৈ মৰমবোৰ যাচিবি

কেতিয়াকৈ কাষলৈ আহিবি

কেতিয়াকৈ নাচিমে তোৰ ঢোলৰ চেওঁতে


বিচুৰ ইগাবা দেওচি ঐ

বিচুৰে দাগাবা দেওচি ঐ

বিচু ছালে ইগাবা দেওচি ঐ... জা

লাকিয়া বিচুনা দেওচি ঐ

লেহংনা কেৰন্ত দেওচি ঐ

আৰেক নিমান জানু দেওচি ঐ... জৌ


ৰঙচঙীয়া নাছনী

তোকে চাই মই বলিয়া

মোৰ কলিজাৰ চালনীত

তইয়ে বাচকবনীয়া।

ঐ সোণসেৰীয়া তোৰ দুহাতত

জেতুকা বোলাবি

কলডিলীয়া তোৰ খোপাতে

কপৌফুল গুজিবি

কেতিয়াকৈ বিহুলে আহিবি

কেতিয়াকৈ বিহুৱান আনিবি

কেতিয়াকৈ নিজৰ বুলি যাঁচিবি মোক

খিত্-খিতনি তাঁতৰ শাল

যতৰতে মহুৰা

মই বাঁচিছো ফুলামকৈ

তোলৈ বুলি গামোচা।

তোকে নো হেঁপাহত

হিয়া জৰুৱা মৰম লৈ

থাকিবি কাষৰত

গিৰিংকৈ চাপৰিটি মাৰিবি

তিহিতিকৈ পেপাটি বজাবি

পখিলা হৈ উৰিদি উৰি

নাচিম তোৰে লগত।

পখিলা হৈ উৰিদি উৰি

নাচিম তোৰে লগত ।

 This is the end of Mon Pokhila Song lyrics. If you find any mistakes in the lyrics please let us know through contact us. I have loved lyrics. Don't forget to comment down the favourite Part/line of this song. Do share this lyrics to your close one. 

Here is also the video of the song for you uploaded by Kussum Kailash World -

Mon Pokhila Song Video

                       Lyrics: Kussum Kailash, Sarat Sravan, Khogen Deori, Mrinal Chutia  Singer : Kussum Kailash, Nilakshi Neog & Jogat Maahish Music : Jintu Bordoloi

Thank You.....! Visit Again...


Post a Comment

0 Comments

close